পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী’ত ছাত্ৰ দিৱস ২০২৩ উদযাপন

‘ছাত্ৰ দিৱস ২০২৩’ ৰ উপলক্ষে পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ সহযোগত ৩১ মাৰ্চ, ২০২৩ তাৰিখে দিনৰ এক বজাত এখনি ‘শৈক্ষিক আলোচনা চক্ৰ’ অনুষ্ঠিত কৰা হয়। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মদেৱলৈ শ্ৰদ্ধাৰ্ঘ্যৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ অৰ্থে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই অনুষ্ঠান মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কোৰাছ পৰিবেশনেৰে শুভাৰম্ভনি হয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে। শৈক্ষিক আলোচনাৰ অংশ হিচাপে মহাবিদ্যালয়ৰ গণিত বিভাগৰ বিভাগীয় প্ৰধান ড° অজয় দত্তই ‘ছাত্ৰ জীৱনত কেৰিয়াৰ সচেতনতাবোধ’ বিষয়ত, ৰসায়ন বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান ৰাজেশ মণ্ডলে ‘ছাত্ৰ জীৱন আৰু নিয়মানুবৰ্তিতা’ বিষয়ত, অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান পৰিণীতা বৰাই ‘ছাত্ৰ আৰু ৰাজনৈতিক সচেতনতাৰ প্ৰাসংগিকতা’ বিষয়ত আৰু পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পল্লৱী বড়োৱে ‘ছাত্ৰ জীৱন আৰু সমাজ সচেতনতা’ বিষয়ত বিশেষ বক্তৃতা আগবঢ়ায়। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰী ক্ৰমে তেজস্বিনী ৰাজখোৱা, স্বাগতা মহন্ত, কৃষ্ণমনি বৰা, প্ৰবীন গৌতম আৰু তুষাৰ বৰুৱাই ছাত্ৰ- ছাত্ৰীৰ হৈ বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটোত উপস্থিত থাকি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° শেখৰজ্যোতি বৈশ্য, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ভেলেণ্টিনা টেৰণপিয়েও বক্তব্য প্ৰদান কৰে। শিক্ষকসকলৰ একাষাৰত বক্তব্য প্ৰদান কৰে উদ্ভিদ বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান ড° ছফিকুল ইছলাম ভূঞা আৰু পৰিসংখ্যা বিজ্ঞান বিভাগৰ বিভাগীয় প্ৰধান ড° ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তীয়ে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা অনুষ্ঠানটোৰ সমন্বয়ক ড° বিশ্ব হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীসকলৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে।

Photos: