পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

Interview Timings for various posts:

Interviews will be conducted as per scheduled dates as mentioned in the Shortlisted Candidates List. 
Interview for Sociology will be conducted on 01/09/2023
Interview Timing: 9:30 AM – 5:00 PM

Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

Free Health Camp, June 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী শিক্ষক সন্থাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী শিক্ষক সন্থা (পিবিটিএ)ৰ উদ্যোগত আৰু বিহালী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ১০ জুন, ২০২৩ তাৰিখে ২ নং ৰতোৱা প্ৰাথমিক বিদ্যালয়ত জন্মৰ পৰা চৈধ্য বছৰ বয়সৰ শিশুৰ বাবে এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু ঔষধ বিতৰণ শিবিৰ অনুষ্ঠিত কৰা হয়। এদিনীয়া স্বাস্থ্য শিবিৰটি পুৱা ৯.০০ বজাৰপৰা আৰম্ভ হয়। পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: দেৱজিৎ বৰুৱাই উদ্বোধনী ভাষণেৰে শিবিৰৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। পিবিটিএৰ হৈ সম্পাদক ড: বিশ্ব হাজৰিকাই শিবিৰৰ কাৰ্যসূচীলৈ সকলোকে আদৰণি সম্ভাষণ জনাই ভাষণ প্ৰদান কৰে। চিকিৎসকৰ দলটিৰ হৈ ডাঃ আব্দুল কালাম ডাঙৰীয়াই কৃতজ্ঞতাসূচক বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকি ২ নং ৰতোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিতাই দত্ত আৰু চি আৰ চি চি কমল শৰ্মাই শিশুসকলৰ বাবে গ্ৰহণ কৰা এই মানৱ দৰদী কাৰ্যসূচীৰ বাবে আয়োজকসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু ভৱিষ্যতেও এনেধৰণৰ কাৰ্যসূচী ৰূপায়ন কৰিবৰ বাবে অনুৰোধ জনায়। ইয়াৰ পিছৰে পৰা অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত ডাঃ আব্দুল কালামৰ নেতৃত্বত স্বাস্থ্য কৰ্মীৰ দলটিয়ে প্ৰায় ২০০ ৰো অধীক শিশুৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰে আৰু প্ৰয়োজন সাপেক্ষে বিনামূলীয়া ঔষধ প্ৰদান কৰে । ইয়াৰ উপৰিও তিনিজন শিশুক যথোপযুক্ত চিকিৎসাৰ বাবে পৰৱৰ্তী পৰ্য্যায়ত উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়ায় । পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু ২ নং ৰতোৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকল, স্থানীয় আশাকৰ্মীসকলেও স্বাস্থ্য শিবিৰটিৰ পৰিচালনাত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়ায়।

Photos: