পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News

DARPAN PORTAL FOR H.S ADMISSION

Helpdesk Numbers:

+918876481900

+918011640532

SAMARTH PORTAL FOR B.A/B.Sc ADMISSION

Helpdesk Numbers:

+917002218547

+919859359369

+918724081502

Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

অবিভক্ত শোণিতপুৰ জিলা কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভা

ইং ৩ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে শ্ৰী কুকিল ভড়ালীৰ সভাপতিত্বত অবিভক্ত শোণিতপুৰ জিলাৰ কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভাখন বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণী ভাষণেৰে আৰম্ভ কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সম্পাদক তথা বিশ্বনাথ মহাবিদ্যালয়ৰ জেষ্ঠ কৰ্মচাৰী শ্ৰী অনন্ত বৰঠাকুৰে। সভাত সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ কাৰ্যকৰী সভাপতি তথা শোণিতপুৰ জিলাৰ কলেজ কৰ্মচাৰী সন্থাৰ উপদেষ্টা ও বিশ্বনাথ মহাবিদ্যালয়ৰ মুখ্য সহায়ক শ্ৰী চিত্তৰঞ্জন কাকতি,
সদৌ অসম কলেজ কৰ্মচাৰী সন্থাৰ উপ সভাপতি শ্ৰী তুলসী শইকীয়াকে প্ৰমুখ্য কৰি বিভিন্ন মহাবিদ্যালয়ৰ প্ৰতিনিধি সকলে তেওঁলোকৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়। সভাৰ সভাপতিয়ে সকলোকে সভাত উপস্থিত থাকি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই সন্থাৰ ভেটি সুদৃঢ় ভাবে গঢ়ি তুলি আগুৱাই যাবৰ বাবে অনুৰোধ জনায়।
ইয়াৰ পিছতে দীনদয়াল মহাবিদ্যালয়ৰ কৰ্মচাৰী প্ৰান্তিক বৰাই শলাগৰ শৰাই আগবঢ়াই আৰু সভাপতিয়ে সভা ভংগ ঘোষণা কৰে। অনুষ্ঠানটোৰ সফল ৰূপায়ন বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ, কৰ্মচাৰী সন্থাৰ সভাপতি গৌতম নাৰ্জাৰী, সম্পাদক পঙ্কজ উপাধ্যায়, প্ৰান্তিক বৰাৰ লগতে সকলো সদস্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।