পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

৪ ৰ্থ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ উদাযাপন – ২০২৩

ইংৰাজী ১৩, ১৪ আৰু ১৫ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে মহাবিদ্যালয়ৰ ‘৪ ৰ্থ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ’ অনুষ্ঠিত হৈ যায় ৷ তদুপলক্ষে ক্ৰীড়া, সাহিত্য আৰু সাংস্কৃতিক বিভাগৰ বাবে অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাসমূহত ছাত্ৰ ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি নিজৰ বৌদ্ধিক, মানসিক তথা ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিভাৰ প্ৰতিফলন ঘটায় ৷

অনুষ্ঠানৰ প্ৰথম দুটা দিনত ব্যক্তিগত আৰু দলীয় প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয় আৰু তৃতীয় তথা অন্তিম দিনত অনুষ্ঠিত হয় মহাবিদ্যালয় সপ্তাহৰ আটাইতকৈ আকৰ্ষণীয় প্ৰতিযোগিতা ‘সাংস্কৃতিক শোভাযাত্ৰা’ । মহাবিদ্যালয়ৰ বিভিন্ন বিভাগ আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ বাৰে ৰহণীয়া সংস্কৃতি, পৰম্পৰা, জাতি-জনগোষ্ঠী, জাতীয় বীৰ-বীৰাঙ্গনা আদিক মুখ্য বিষয় হিচাপে লৈ প্ৰতিযোগিতাত অংশগ্ৰহন কৰে৷ এই সাংস্কৃতিক শোভাযাত্ৰাই সকলোকে মুগ্ধ কৰে ৷ ইয়াৰ পিছতে বঁটা বিতৰণ আৰু সন্ধিয়ালৈ মি: আৰু ‌মিছ পি দি ইউ এ এম প্ৰতিযোগিতাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিবেশনেৰে মহাবিদ্যালয় সপ্তাহৰ সফল পৰিসমাপ্তি ঘটে ৷ মহাবিদ্যালয় সপ্তাহৰ গুৰু আৰু লঘূ ক্ৰীড়াৰ উল্লেখনীয় খেলসমূহ ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰা হয়।