পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO
Latest News
Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development

যোৱা ইং ১০ আৰু ১১ ফেব্ৰুৱাৰী ২০২৩ তাৰিখে বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু প্ৰাণী বিজ্ঞান বিভাগ তথা IQAC ৰ সহযোগত “Biodiversity: Exploration, Exploitation and Conservation for Sustainable Development (ICB-2023)
শীৰ্ষক ২য় আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখন সুচাৰুৰূপে সম্পন্ন হৈ যায়। ভুটান, টানজেনিয়া, নেপাল, বাংলাদেশ, ইথিওপিয়া, কাশ্মীৰ, কেৰেলাকে ধৰি দেশ বিদেশৰ প্ৰায় ৩০০ গৱেষকে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণী ভাষণেৰে আৰম্ভ কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আয়োজক কমিটীৰ সম্পাদক তথা মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° ছফিকুল ইছলাম ভূঞাই। ইয়াৰ পিছতে ভূটানৰ ৰয়েল বিশ্ববিদ্যালয়ৰ অধ্যাপক কৰ্মা ৱাংচুক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ UGC-HRDC ৰ সঞ্চালক অধ্যাপক পাৰ্থ প্ৰতিম বৰুৱা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিল্লোল জ্যোতি চিনহা আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই abstract book খন উন্মোচন কৰি তেওঁলোকৰ বহুমূলীয়া ভাষণেৰে অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত আলোচনা চক্ৰ খনত মুঠ ২৫০ গবেষণা পত্ৰ পাঠ কৰা হয় আৰু অনুষ্ঠানটোত উপস্থিত থকা অংশগ্ৰহণকাৰী সকলক মহাবিদ্যালয় চৌহদতে ৰখাৰ সু-ব্যৱস্থা কৰা হয়।
জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ বাবে নতুন নতুন পদ্ধতি, কৌশল, জ্ঞান, তথ্য সংগ্ৰহ ইত্যাদিৰ অধ্যয়ন তথা ভাব বিনিময়ৰ যোগেদি নতুন দিগন্তৰ সুচনা কৰাটোৱেই আলোচনা চক্ৰ খনৰ মূল উদ্দেশ্য বুলি আয়োজক কমিটীয়ে জানিবলৈ দিয়ে। যুটীয়া সম্পাদক ড° মফিদুল ইছলাম, ড° ভেলেণ্টিনা তেৰংপি, হীনা আগৰৱাল সহিতে স্হানীয় আয়োজক কমিটীৰ সমূহ সদস্যই অনুষ্ঠানটোৰ সফল ৰূপায়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উল্লেখ্য যে এই শীৰ্ষক প্ৰথম আন্তৰাষ্ট্ৰীয় আলোচনা চক্ৰ খন ২০২২ চনত সফলতাৰে অনুষ্ঠিত কৰা হৈছিল য’ত দেশ বিদেশৰ প্ৰায় ২১০ অংশগ্ৰহণকাৰীয়ে গবেষণা পত্ৰ পাঠ কৰিছিল। এখন নতুন মহাবিদ্যালয় হিচাপে যোৱা দুটা বছৰত দুখন উচ্চমানসম্পন্ন আন্তৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা বাবে আলোচনা চক্ৰৰ সমল ব্যক্তি সকলে আয়োজক সমিতিক প্ৰসংশা কৰি আগলৈও এনেধৰণৰ আন্তৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিবলৈ উৎসাহিত কৰে ।