পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়

Emblem_of_India
PDUAM_LOGO

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI

(Govt. Model College)

Ratowa, Gingia, Biswanath

Assam, Pin:784 184

Established:2017

PDUAM_LOGO

DARPAN PORTAL FOR H.S ADMISSION

Helpdesk Numbers:

+918876481900

+918011640532

SAMARTH PORTAL FOR B.A/B.Sc ADMISSION

Helpdesk Numbers:

+917002218547

+919859359369

+918724081502

Emblem_of_India

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী

PANDIT DEENDAYAL UPADHYAYA ADARSHA MAHAVIDYALAYA, BEHALI
(Govt. Model College)
Ratowa, Gingia, Biswanath
Assam, Pin:784 184
Established:2017

PDUAM_LOGO

Kalaguru Bishnu Rabha Divas 2023

পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীৰ ‘সাহিত্য চ’ৰা, অসমীয়া বিভাগ’ৰ উদ্যোগত ২০ জুন, ২০২৩ তাৰিখে মহাবিদ্যালয়ত ‘বিষ্ণু ৰাভা দিৱস‘ উদযাপন কৰা হয়। দিনৰ ১১.০০ বজাৰপৰা অনুষ্ঠিত অনুষ্ঠানটিৰ কাৰ্যসূচী শুভাৰম্ভ হয় মহাবিদ্যালয়ৰ তিনিগৰাকী সহকাৰী অধ্যাপিকাই পৰিৱেশন কৰা সমবেত সংগীতেৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে। অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা ‘সাহিত্য চ’ৰা’ৰ সম্পাদক ড° বিশ্ব হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বিষ্ণু ৰাভা সম্পৰ্কে বিভিন্ন দিশ সামৰি বক্তৃতা আগবঢ়ায় অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী তথা ‘সাহিত্য চ’ৰা’ৰ সভাপতি পৰিণীতা বৰাই। ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰী পৰিস্মিতা শৰ্মাই এটি ৰাভা সংগীত পৰিবেশন কৰে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে। উল্লেখযোগ্য যে ‘সাহিত্য চ’ৰা, অসমীয়া বিভাগ’ৰ উদ্যোগত ‘বিষ্ণু ৰাভা দিৱস’ উদযাপনৰ লগত সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰপৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমভিত্তিক এখনি প্ৰবন্ধ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল। উক্ত প্ৰতিযোগিতাত বঁটাপ্ৰাপকসকলৰ নাম তলত উল্লেখ কৰা হ’ল –
প্ৰথম স্থান – শ্ৰী নয়নজ্যোতি বৰুৱা, উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী।
দ্বিতীয় স্থান- শ্ৰী চিত্তৰঞ্জন কলিতা, স্নাতক ষষ্ঠ ষান্মাসিক, সুৰেন দাস মহাবিদ্যালয়, হাজো।
তৃতীয় স্থান- পৰিস্মিতা শৰ্মা, স্নাতক তৃতীয় ষান্মাসিক, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালী। বঁটাপ্ৰাপকসকলক মহাবিদ্যালয় তথা ‘সাহিত্য চ’ৰা, অসমীয়া বিভাগ’ৰ তৰফৰপৰা আন্তৰিক অভিনন্দন জনোৱা হৈছে।

Photos: