অসমীয়াৰ বাপতি সাহোন বহাগ বিহুৰ লগত সংগতি ৰাখি পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, বিহালীত ইংৰাজী ৩ মে তাৰিখে ২০২৩ বৰ্ষৰ বহাগী উৎসৱ উদযাপন কৰা হয় । মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বহাগী উৎসৱত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰে । স্থানীয় জেং বিহু দলৰ দ্বাৰা জেং বিহু প্ৰদৰ্শনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত দলীয় বিহু প্ৰদৰ্শন কৰে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী সকলে আৰু জিনজিয়াৰ বিহু দলে । ইয়াৰ পিছতে মহাবিদ্যালয়ৰ ছাত্ৰীবাসৰ ছাত্ৰী সকলে এক সুন্দৰ বাৰেৰহনীয়া নৃত্য আৰু মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক পল্লৱী বড়োৱে একক বিহু নৃত্য উপস্থাপন কৰে । অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক তথা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড° বিশ্ব হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী আৰু উপস্থিত দৰ্শকে মিলি এক সমূহীয়া বিহুৰে এই বৰ্ষৰ বহাগী উৎসৱৰ সফল পৰিসমাপ্তি ঘটাই ।