১৬ ডিচেম্বৰ ২০২২ ইং, শুক্ৰবাৰে দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৪ বজালৈ মহাবিদ্যালয়ৰ যুৱ টুৰিজ্যম ক্লাবৰ উদ্যোগত আৰু বাণিজ্য প্ৰশাসনীয় বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়ৰ সহযোগত “পৰ্যটন: সম্ভাৱনা আৰু বিদ্যাৰ্থীৰ ভূমিকা” (Tourism: Prospects and Role of Students) শীৰ্ষক এখনি আলোচনা সত্ৰ অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুপৰীয়া ১২ বজাৰ পৰা ১২.৪৫ বজালৈ “উত্তৰ-পূৱ ভাৰতৰ পৰ্যটন” শীৰ্ষক এখনি কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।
অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকে তেজপুৰ বিশ্ববিদ্যালয়ৰ বানিজ্য প্ৰশাসনিক বিভাগৰ অধ্যাপক ড° অঞ্জন ভূঞা আৰু ড° নিৰঞ্জন দাস। নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ট্যুৰ অপাৰেটৰ তথা ট্যুৰিষ্ট গাইদ অলক দাস।